পৃষ্ঠা:Kirtan Ghosha.pdf/৫৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ১৮] শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্রয়াণ সুমৰি মৰি সিটো স্বামীৰ চৰণ। কহিবে নৱাৰৰ কথা দগ্ধ কৰে মন। কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বলােক। হৰি হৰি বােলা সদা পাতক ছাড়ােক। ২০৫ . অষ্টাদশ কীর্তন ঘােষা। গােপাল প্রাণ ভৈল কোন খান। গােপাল প্রাণ ১৮ পদ ॥ শুনা সখি যেন ভৈলা অৱস্থা। পূৰ্বাপৰ কহাে কৃষ্ণৰ কথা । খণ্ডিবাক লাগি ভূমিৰ ভাৰ। দৈৱকী-গর্ভে ভৈলা অৱতাৰ ॥ ২০৬ বসুদেৱে ভয়ে গােকুলে থৈলা। কৰিলা কৃষ্ণে তৈতে শিশু-লীলা। গােপ-শিশু সমে বাচৰু চাৰি। ভ্রমন্ত যমুনা-তীৰে মুৰাৰি । ২০৭ কংসে পাঞ্চে যত আসে নি। লীলায়ে মাস্তু সৱে মাধৱ a পা" ২০৭ ॥ বাচৰু-বাছুৰ ।