পৃষ্ঠা:Kirtan Ghosha.pdf/৫৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩৪
[খণ্ড ২৩
কীৰ্ত্তন ঘোষা

ইন্দ্ৰৰ মখকো কৰিলে ভঙ্গ।
বৰষিলা ইন্দ্ৰে কৰিয়া খঙ্গ।৷ ২০৮
মন্দৰ তুলি পাছে ভগৱন্তে।
ৰাখিলা ব্ৰজক বৃষ্টি হন্তে।৷
শৰত-কালে চন্দ্ৰাৱলী পাই।
কৰিলা ৰাস-ক্ৰীড়া যদুৰায়॥ ২০৯
বলো সমে আসি মথুৰাপুৰ।
মাৰিলা তৈতে দুষ্ট কংসাসুৰ।৷
পঢ়িবে লাগি হুয়া গৈল ছাত্ৰ।
সান্দীপনি গুৰু পঢ়াইলা শাস্ত্ৰ।৷ ২১০
মৃতক পুত্ৰক দক্ষিণা দিলা।
অষ্ট মহিষীক বিহা কৰিলা।৷
নৰক মাৰি ৰূপে-গুণে ধন্যা।
পাইলা আৰো যোল হাজাৰ কন্যা॥ ২১১
সৱাতো দদশ তনয় জাত।
ভৈল বল-বীৰ্য্যে জগতে খ্যাত।৷
দ্বিবিদ মাগধ সম্বৰ বাণ।
শাল্ব পৌণ্ড্ৰকৰ লৈলন্ত প্ৰাণ॥ ২১২
পাণ্ডৱৰ হাতে সমৰ জিনি।
মৰাইলা অষ্টাদশ অক্ষৌহিণী।