পৃষ্ঠা:Kirtan Ghosha.pdf/৫৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩২
[ খণ্ড ২৩
কীৰ্ত্তন ঘোষা

কৃষ্ণ-মুখ-পদ্মক কৰন্তে নেত্ৰে পান।
অৰ্জ্জুনৰ শৰে কাটে ছাড়ে সুখে প্ৰাণ।৷
পাৱে পৰম-পদ ব্ৰহ্মাদিও যাত গহ।
হেনয় কৃষ্ণৰ কোনে সহিবে বিৰহ।৷ ২০০
উগ্ৰসেন ৰাজাক বৈসায় সিংহাসনে।
কৰযোড়ে আপুনি বোলন্ত নাৰায়ণে।৷
আদেশিয়ো মহাৰাজ কোন কৰ্ম্ম কৰো।
ইহাক সুমৰি সখি আতিশয় মৰো॥ ২০১
কৃষ্ণ-গুণ সুমৰন্তে হৰাই চেতনা।
মৰিবাক লাগি তন দিলেক পূতনা।৷
তথাপি পাইলেক তাই জননীৰ গতি।
কিনো কৃপাময় নাৰায়ণ প্ৰাণ-পতি।৷ ২০২
হেননো স্বামীক এড়ি কোন মহা অন্ধ।
আনক ভজিবে লাগি কৰিবে প্ৰবন্ধ॥
যত দৈত্য আসে মাধৱক ক্ৰোধ কৰি।
তাহাকো উত্তম গতি দেন্ত ছিৰীহৰি।৷ ২০৩
যিটো প্ৰেমভাৱে ভজে হেন ভগৱন্ত।
তাহাৰ মহিমা কহি কোনে পাৱে অন্ত॥
হেন পূৰ্ণব্ৰহ্মক হাততে পায়া লাগ।
হৰুৱাইলো সখি দেখা মোহোৰ অভাগ।৷ ২০৪