এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩০
[খণ্ড ২৩
কীৰ্ত্তন ঘোষা
মাধৱৰ স্নেহ-ৰসে মগ্ন ভৈল মন।
বোলা হৰি হৰি সমজ্যাৰ যত জন॥ ১৯১
সপ্তদশ কীৰ্ত্তন
ঘোষা।৷ বনমালী ৰাম মোৰ প্ৰাণ গৈল কোন স্থান।
জীৱেৰ জীৱন কৃষ্ণ বিনে নাই আন॥ ১৭
পদ।৷ কথমপি কৃষ্ণৰ চৰণ এড়ি মন।
বঝাইল উদ্ধৱে পাইলা গাৱত চেতন।৷
হাতে মলচিয়া চক্ষু চান্ত থিৰ কৰি॥
তেজিলন্ত নিশ্বাস কৃষ্ণৰ লীলা স্মৰি।৷ ১৯২
কৃষ্ণৰ বিৰহে অগ্নি দগ্ধ কৰে মন।
কান্দন্তে দিলন্ত বিদুৰক সমিধান।৷
কিবা কথা সোধা সখি দেখো অন্ধকাৰ।
কৃষ্ণ-সূৰ্য্য অস্ত গৈল প্ৰাণ যে আমাৰ॥ ১৯৩
কাল-সৰ্পে গ্ৰাসিলে সুহৃদ সকল।
কি কহিবো সখি আউৰ আমাৰ কুশল॥
যাদৱ-বংশৰ কিনো মিলিল অভাগ।
নজানিলো কৃষ্ণক হাততে পায়া লাগ॥ ১৯৪
ক্ষীৰ-সাগৰত আছিলন্ত শশধৰ।
মৎস্যে যেন বোলে ইও এক জলচৰ।৷