পৃষ্ঠা:Kirtan Ghosha.pdf/৫৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন-যোকা।। | ( ২৬ মাধৱৰ স্নেহ-ৰসে মগ্ন ভৈল মন।। বোলা হৰি হৰি সমজ্যাৰ যত জন॥ ১৯১ সপ্তদশ কীৰ্তন ঘোষা। বনমালী ৰাম মোৰ প্ৰাণ গৈল কোন স্থান। জীৱেৰ জীৱন কৃষ্ণ বিনে নাই আন॥ ১৭ পদ। কথমপি কৃষ্ণৰ চৰণ এড়ি মন। বঝাইল উদ্ধৰে পাইলা গাৱত চেতন। হাতে মলচিয়া চক্ষু চান্ত থিৰ কৰি।। তেজিলন্ত নিশ্বাস কৃষ্ণৰ লীলা স্মৰি। ১৯২ কৃষ্ণৰ বিৰহে অগ্নি দগ্ধ কৰে মন। কান্দন্তে দিলন্ত বিদুৰক সমিধান। কিবা কথা সোধা সখি দেখো অন্ধকাৰ। কৃষ্ণ-সূৰ্য্য অন্ত গৈল প্ৰাণ যে আমাৰ॥ ১৯৩ কাল-সৰ্পে গ্ৰাসিলে সুহৃদ সকল। কি কহিবো সখি আউৰ আমাৰ কুশল॥ যাদৱ-বংশৰ কিনো মিলিল অভাগ। নজানিলে কৃষ্ণক হাততে পায়া লাগ৷ ১৯৪ কীৰ-পৰত আছিল শশধৰ। মশ্যে যেন বোলে ইও এক জলচৰ।