পৃষ্ঠা:Kirtan Ghosha.pdf/৫৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ১৭] : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্রয়াণ সেহিমতে ঈশ্বৰক পায়া যদুগণ। মনে মানিলন্ত এন্তে জাতি এক জন। ১৯৫ ভূষণৰ ভূষণ পৰম অঙ্গচয়। যাক দেখি হৰি হস্ত আপুনি বিস্ময়। অপূর্ণ প্রাণীক অল্প দিয়া দশন । লগতে নিলন্ত যেন লােৰ লােচন। ১৯৬ দেখিয়ে কৃষ্ণৰ কেন কর্ম বিড়ম্বন। বসুদেৱ-গৃহত অজৰ উপজন। যাৰ কটাক্ষতে হােৱে জগত বিনাশ। কংস-ভয়ে লৈ তেহে গােকুলত বাস ॥ ১৯৭ বসুদেৱ-দৈৱকীক বুলিলা প্রণামি। কংস-ভয়ে ব্ৰজত বঞ্চিলল গৈয়া আমি। হে পিতৃ মাতৃ মােৰ মৰষিয়ে দোষ। ইহাক সুমৰি মনে মিলে অসন্তোষ । ১৯৮ হেনয় কৃষ্ণৰ যিটো গাইলে নাম-গুণ। দুনাই পাসৰিব আৰ কোন নিদাৰুণ | ৰাজসূয় যজ্ঞত দেখিলাে নেত্ৰ ভৰি। যেন গতি পালে শিশুপালে দ্বেষ কৰি৷ ১৯৯ ' • পা ১৯৬h অপূর্ণ—অপুণ্য।