পৃষ্ঠা:Kirtan Ghosha.pdf/৫৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৬
৫২৯
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্রয়াণ

কৃষ্ণ ধনঞ্জয় দুইক কৰিয়া আশ্ৰয়।
সুখে কি আছন্ত যুধিষ্ঠিৰ মহাশয়॥ ১৮৬
ভীম ধনঞ্জয় সহদেৱ নকুলৰ।
সৱাৰো বাৰ্ত্তাক বাপ কহিয়ো সত্বৰ।।
কৰো অনুশোচ ধৃতৰাষ্ট্ৰক সম্প্ৰতি।
নিজ পাপে গৈল জীৱন্ততে অধোগতি॥ ১৮৭
দেশৰ ডাকিলা মোক পুত্ৰৰ বিবাদে।
তীৰ্থ কৰি ফুৰো মঞি কৃষ্ণৰ প্ৰসাদে।৷
যাৰ যশ-কাৰ্ত্তনে জগত আতি তৰে।
বাৰ্ত্তা কহ সখি হেন কৃষ্ণৰ সত্বৰে।৷ ১৮৮
পুছিলা বিদুৰে যেৱে কৃষ্ণৰ কুশল।
মাধৱক স্মৰি ভৈলা উদ্ধৱ বিহ্বল।৷
পাঞ্চ বৰিষতে যিটো ভোজনক এড়ি।
শিশু-লীলা কৰিয়া পূজন্ত মাত্ৰ হৰি।৷ ১৮৯
কৃষ্ণৰ সেৱাতে আৱে আসি বুদ্ধ ভৈলা।
কহিবে নপাৰি কথা মৌন হুয়া ৰৈলা॥
দুই দণ্ড চিন্তিলন্ত কৃষ্ণৰ চৰণ।
হৰি-ভক্তি-অমৃতত মগ্ন ভৈল মন॥১৯০
শিহৰি শৰীৰ ভৈল সৰ্ব্বাঙ্গে পুলক।
চক্ষু মুদি আছে স্ৰৱে ধাৰায় লোতক।৷

৩৪