এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২৮
[খণ্ড ২৩
কীৰ্ত্তন ঘোষা
বিদুৰে সহিতে যেন কৰিলা আলাপ।
শুনিয়ো নৃপতি দুনাই উদ্ধৱ-বিলাপ॥ ১৮১
তীৰ্থ কৰি ফুৰন্তে বিদুৰ মহাভাগ।
যমুনা-তীৰত উদ্ধৱক পাইলা লাগ॥
পূৰ্ব্ব-শিষ্য গুৰুৰ কৃষ্ণৰ অনুচৰ।
দেখি তাঙ্ক আতি প্ৰীতি ভৈল বিদুৰৰ।৷ ১৮২
আলিঙ্গি ধৰিল নয়নৰ বহে জল।
পুছিলন্ত যদু-কুৰু-কুলৰ কুশল।৷
পুৰাণ পুৰুষ ৰাম কৃষ্ণ অৱতৰি।
সুখে কি আছন্ত পৃথিৱীৰ ভাৰ হৰি।৷ ১৮৩
বসুদেৱ ভিনিসিৰ কহিয়ো কল্যাণ।
আমাৰ সুহৃদ নাহি তাহান সমান।৷
প্ৰদ্যুম্নৰ বাৰ্ত্তা বাপ কহিয়ো সম্প্ৰতি।
সুখে কি আছন্ত উগ্ৰসেন নৰপতি।৷ ১৮৪
সাম্ব কাম অনিৰুব্ধ আছন্ত কুশলে।
বৈষ্ণৱ অক্ৰুৰ কিবা আছে অবিকলে।
আনন্দে কি আছ সাত্যকি ধনুৰ্দ্ধৰ।
দৈৱকীৰ বাৰ্ত্তা আৱে কহিয়ো সত্বৰ॥ ১৮৫
চাৰুদেষ্ণ আদি কৰি কৃষ্ণৰ তনয়।
আছে যদুগণ কিবা পূৰ্ব্ব অভ্যুদয়।৷