পৃষ্ঠা:Kirtan Ghosha.pdf/৫৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন-ঘােষ ২ি৩ বিদুৰে সহিতে যেন কৰিলা আলাপ। শুনিয়াে নৃপতি দুনাই উদ্ধৱ-বিলাপ ॥ ১৮১ তীর্থ কৰি ফুৰন্তে বিহুৰ মহাভাগ। যমুনা-তীৰত উদ্ধৱক পাইলা লাগ ॥ পূৰ্ব্ব-শিষ্য গুৰুৰ কৃষ্ণৰ অনুচৰ । দেখি তা আতি প্রীতি ভৈল বিদুৰৰ। ১৮২ আলিঙ্গি ধৰিল নয়নৰ বহে জল। পুছিলন্ত যদু-কুৰু-কুলৰ কুশল । পুৰাণ পুৰুষ ৰাম কৃষ্ণ অৱতৰি। সুখে কি আছ পৃথিৱীৰ ভাৰ হৰি। ১৮৩ বসুদেৱ ভিনিসিৰ কহিয়াে কল্যাণ। আমাৰ সুহৃদ নাহি তাহান সমান। প্রদ্যুম্নৰ বার্তা বাপ কহিয়াে সম্প্রতি। সুখে কি আছ উগ্রসেন নৰপতি। ১৮৪ সাস্থ কাম অনিৰুব্ধ আছন্ত কুশলে। বৈষ্ণৱ অক্ৰৰ কিবা আছে অবিকলে। আনন্দে কি আছ সাত্যকি ধনুৰ্ধৰ । দৈৱকীৰ বার্তা আৱে কহিয়াে সত্বৰ ৷ ১৮৫ চাৰুদেষ্ণ আদি কৰি কৃষ্ণৰ তনয়। আছে যদুগণ কিবা পূর্ব অভ্যুদয় ।