এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৬]
৫২৭
শ্রীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
দ্ৰৌপদী দেখন্ত এড়িলন্ত পঞ্চ পতি।
কৃষ্ণৰ চৰণে পাছে স্থিৰ কৰি মতি॥ ১৭৭
কৃষ্ণকেসে সুমৰি কৃষ্ণক কৰি ধ্যান।
হা প্ৰাণ কৃষ্ণ বন্ধু বুলি ছাৰিলন্ত প্ৰাণ॥
পাছে পৰাক্ষিত তুমি পালিলাহা মহী।
ধৰ্ম্মক ৰাখিলা বলে কলিক নিগ্ৰহি॥ ১৭৮
তোমাৰ ৰাজ্যত ভৈল সত্যৰ ব্যৱস্থা।
দশোদিশে কহয় তোমাৰ গুণ-কথা॥
কৃষ্ণৰ নিৰ্য্যাণ শুনিয়োক সৰ্ব্বজনে।
তৰিবা সংসাৰ ঘোৰ শ্ৰৱণ-কীৰ্ত্তনে॥ ১৭৯
ইহ পৰলোকে হৰি-চৰণেসে গতি।
হেন জানি কৰা সৱে হৰিত ভকতি॥
হেন জানা অন্তকে কেশত আছে ধৰি।
এড়ায়ো যমৰ দায় ডাকি বোলা হৰি॥ ১৮০
[উদ্ধৱ-বিলাপ]
ষোড়শ কীৰ্ত্তন
ঘোষা॥ ৰাম গোপাল কৃপাময় নিৰঞ্জন হৰি।
ভকতৰ নিয়ো নাথ দুঃখক সংহৰি॥১৬॥
পদ॥ নৃপতিত শুকে পাছে কহ কাহানী।
গৈলন্ত উদ্ধৱ পায়া কৃষ্ণত মেলানি॥