পৃষ্ঠা:Kirtan Ghosha.pdf/৫৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘােষা মায়ায়ে এড়িল লিঙ্গ-শৰীৰ ভাগিল। আপুনাৰ আত্মা পৰমাত্মাতে লাগিল ৷ ১৭২ ভকতিৰ বলে জ্ঞান লভিলা নিগুণ, জীৱন্তে মুকুত হুই ৰহিলা অৰ্জুন। কুন্তী শুনিলন্ত পাছে কৃষ্ণৰ নিৰ্যাণ। কৃষ্ণতে অর্পিয়া চিত্ত ছাড়িলন্ত প্রাণ । ১৭৩ কৃষ্ণৰ নিৰ্যাণ শুনি ৰাজা যুধিষ্ঠিৰ। শােক-মােহ এড়ি চিত্ত কৰিলন্ত স্থিৰ ৷ হৰি এড়িলাত কলি প্ৰৱেশিল জানি। পৰীক্ষিত তােমাক পাতিলা ৰাজা আনি॥১৭৪ এড়িলা বিচিত্র বস্তু ৰত্ন-অলঙ্কাৰ। পিন্ধিলা বাকলি ৰাজা তৈল নিহাৰ । মৌন ব্ৰত ধৰিয়া মুকুত কৰি কেশ। ভৈল যেন জড় অতি পিশাঞ্চৰ বেশ ॥১৭৫ কৃষ্ণ-পদ-পঙ্কজক ধৰি হৃদয়ত। হৰি-ভক্তি দহিলে মনৰ মল যত । বিষ্ণুৰ ধ্যানত পৰে আন গতি নাই। পাইলন্ত পৰম গতি পাছে পাঞ্চো ভাই। ১৭৬ কৃষ্ণ-পদ-পঙ্কজ হৃদয়ে কৰি স্থিৰ। ধৰি উত্তৰ দিশ ৰাজা যুধিষ্ঠিৰ ॥