এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২৪
খণ্ড ২৩
কীৰ্ত্তন-ঘোষা
প্ৰতিজ্ঞ সাফলি পিলা ৰুধিৰ।
ভাঙ্গিলা উৰু কুৰু নৃপতিৰ॥ ১৬৩
বান্ধৱ বুলি ত্ৰিজগত-পতি।
কৰিলো সাৰথি মঞি কুমতি।
ব্ৰহ্মা আদি যত ত্ৰিদশগণে।
সদায়ে সেৱন্ত যাৰ চৰণে॥ ১৬৪
দেৱৰ দেৱ হেন প্ৰভু হৰি।
মাতন্ত মোক পৰিহাস কৰি॥
অব পাৰ্থ অবা সখি অৰ্জ্জুনে।
কতেক কহিবো কৃষ্ণৰ গুণ॥ ১৬৫
ভুঞ্জন্তে ভ্ৰমন্তে কৃষ্ণৰ সঙ্গে।
নানা উপালম্ভ কৰিলে ৰঙ্গে॥
সহিলন্ত তাক যেন বান্ধৱে
বঞ্চিত ভৈলোহো হেন মাধৱে॥১৬৬
কিবা সোধা ৰাজা আমাৰ কথা।
কোননো নভৈল মোৰ অৱস্থা॥
ৰাখিয়া আনো কৃষ্ণ-পত্নী-জাক।
গোৱালে কাঢ়ি নিলে তাসম্বাক॥ ১৬৭
স্ত্ৰীক যেন জিনিলেক মোকে।
প্ৰাণ ফুটি যায়, এহিসে শশাকে॥