পৃষ্ঠা:Kirtan Ghosha.pdf/৫৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৫]
৫২৫
শ্রীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ

 কৃষ্ণৰ বিয়োগে দগধ মন।
 মাতিবে নোৱাৰি হৰায় চেতন॥ ১৬৮
 অৰ্জ্জুন এহি বুলি মৌন ভৈল।
 কৃষ্ণৰ চৰণ চিন্তিবে লৈল॥
 বিষয়-বিষে ভৈল বিৰকতি।
 কৃষ্ণ-পাদ-পদ্মে নছাড়ে মতি॥১৬৯
 কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
 কৃষ্ণ-কথা শুনা সমস্ত জনে॥
 যেৱে সুখে যাইবা সংসাৰ তৰি।
 সদায়ে ডাকি বোলা হৰি হৰি॥১৭০

পঞ্চদশ কীৰ্ত্তন


ঘোষা॥ গোপাল গোৱি ৰাম কৃষ্ণ হৰি গতি।
 কি ৰাম হৰি গতি কি ৰাম হৰি গতি॥১৫
পদ॥ এহিমতে কৃষ্ণক চিন্তে মহাবীৰ।
 বাঢ়িল ভকতি মল গুলি বুদ্ধি।
 পাগৰি আছিলা যিটো শিখিবাৰ তত্ব।
 দুনাই ভৈল অৰ্জ্জুনৰ মনত বেকত॥ ১৭১
 ভৈল ব্ৰহ্ম-সম্পতি এড়াইলা শোকচয়।
 মনত আছিল মানে গুচিল সংশয়॥


পা• ১৭২। সম্পতি-শক্তি।