সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/৫৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৪]
৫২৩
শ্রীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ


বন্ধু-ৰূপী কৃষ্ণে ভৈলো বঞ্চিত।
কিমতে আৱে সম্বৰিবো চিত্ত॥১৫৮
যাহাক আশ্ৰয়ে দ্ৰুপদ-ঘৰে।
জিনিলো ৰাজাগণ একেশ্বৰে॥
মৎস্যক ভেদি পাইলো দ্ৰৌপদীক।
হেন কৃষ্ণ বিনে জীৱন ধিক॥১৫৯
দহিলো খাণ্ডৱ যাৰ সহায়।
ভঙ্গাইলে বাসৱক সমুদায়॥
অদ্ভুত সভা সাজি দিলে ময়।
কৰিলে ৰাজসূয় যাত গয়॥ ১৬০
এড়িয়া গৈলা হেন কৃষ্ণে মোক।
কিসক জীৱ নযায় যম-লোক॥
হৰক যুঝিলো যাহাক গয়।
দিলা অস্ত্ৰ হৰে হুয়া বিস্ময়॥ ১৬১
যাৰ প্ৰসাদে ভৈলো স্বৰ্গগামী।
ইন্দ্ৰৰ অৰ্দ্ধাসন পাইলো আমি॥
এড়িয়া গৈলা হেন যদুৰায়।
কেনে জীওঁ এভু প্ৰাণ নযায়॥১৬২
যাহাৰ তেজে বৃকোদৰ বীৰে।
দুঃশাসন-হিয়া কুঠাৰে চিৰে॥