পৃষ্ঠা:Kirtan Ghosha.pdf/৫৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ১৪ ] শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্রয়াণ বন্ধু-ৰূপী কৃষ্ণে ভৈলাে বঞ্চিত। কিমতে আৰে সৰিব চিত্ত । ১৫৮ যাহাক আশ্রয়ে দ্রুপদ-ঘৰে। জিনিলাে ৰাজাগণ একেশ্বৰে। মৎস্যক ভেদি পাইলাে দ্রৌপদীক। হেন কৃষ্ণ বিনে জীৱন ধিক। ১৫৯ দহিলাে খাণ্ডৱ যাৰ সহায় । ভঙ্গাইলে বাসৱক সমুদায় ॥ অদ্ভুত সভা সাজি দিলে ময়। কৰিলে ৰাজসূয় যাত গয়॥ ১৬০ এড়িয়া গৈলা হেন কৃষ্ণে মােক। কিসক জীৱ নয় যম-লােক। হক যুঝিলাে যাহাক গয়। দিলা অস্ত্র হৰে হুয়া বিস্ময় ॥ ১৬১ যাৰ প্ৰসাদে ভৈলাে স্বর্গগামী। ইন্দ্ৰৰ অৰ্ধাসন পাইললা আমি। এড়িয়া গৈলা হেন যদুৰায়। কেনে জীওঁ এভু প্রাণ নয়। ১৬২ যাহাৰ তেজে বৃকোদৰ বীৰে। দুঃশাসন-হিয়া কুঠাৰে চিৰে।