পৃষ্ঠা:Kirtan Ghosha.pdf/৫৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ঘােষা [ MORU প্রতিজ্ঞ সাফলি পিলা ৰুধিৰ। ভাঙ্গিলা উৰু কুৰু নৃপতিৰ ॥ ১৬৩ বান্ধৱ বুলি ব্রিজগত-পতি। কৰিলো সাৰথি মঞি কুমতি । ব্রহ্মা আদি যত ত্রিদশগণে। সদায়ে সেৱন্ত যাৰ চৰণে ॥ ১৬৪ দেৱৰ দেৱ হেন প্রভু হৰি। মাতন্ত মােক পৰিহাস কৰি। অব পার্থ অবা সখি অর্জুনে। কতেক কহিবাে কৃষ্ণৰ গুণ | ১৬৫ ভুঞ্জন্তে ভ্রমন্তে কৃষ্ণৰ সঙ্গে। নানা উপালম্ভ কৰিলে ৰঙ্গে। সহিলন্ত তাক যেন বান্ধৰে। বঞ্চিত ভৈলােহাে হেন মাধৱে । ১৬৬ কিবা সােধা ৰাজা আমাৰ কথা। কোননাে নভৈল মােৰ অৱস্থা। ৰাখিয়া আনাে কৃষ্ণ-পত্নী-জাক। গােৱালে কাঢ়ি নিলে তাসক ॥ ১৬৭ স্ত্রীক যেন জিনিলেক মােকে। প্রাণ ফুটি যায়, এহিসে শশাকে।