এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১২]
৫১৭
শ্রীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
দ্বাদশ কীৰ্ত্তন
ঘোষা॥ মন মাধৱ ৰাম।
ৰাম জপ অবিশ্ৰাম॥১২
পদ॥ শুক মুনি বদতি শুনিয়ো পৰীক্ষিত।
পাপৰ অন্তক ইটো কৃষ্ণৰ চৰিত॥
এহিমতে মৰিল যতেক যদু-ঝক।
অনন্তৰে দাৰুক গৈলন্ত দ্বাৰকাক॥ ১৩২
গোৱিন্দৰ বিয়োগে বিহ্বল আতি হুই।
চাই আছে নৰ-নাৰী ৰহি উৰ্দ্ধ-মুই॥
বসুদেৱ উগ্ৰসেনো আছে দুঃখভাৱে।
পড়িল দাৰুক গৈয়া দুহান্তৰ পাৰে।।১৩৩
চক্ষুৰ লোতকে তিয়াইলন্ত দুইৰ ভৰি।
কান্দিলা অনেক ৰাম কৃষ্ণক সুমৰি।
দাৰুকক বেঢ়িয়া সোধন্ত নাৰী-নৰে॥
কি ভৈল সাৰথি কথা কহিয়ো সত্বৰে॥১৩৪
মুচিলন্ত আখি আতি গদগদ মাত।
কহিলা দাৰুকে পাছে সকল বৃত্তান্ত॥
কি কহিবো কথা মোৰ দহৱে হৃদয়।
অন্যো-অন্যে যদুগণ গৈলা যমালয়॥১৩৫