পৃষ্ঠা:Kirtan Ghosha.pdf/৫২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ১২] শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্রয়াণ দ্বাদশ কীর্তন মন মাধৱ ৰাম। ৰাম জপ অবিশ্রাম ॥১২ পদ ॥ শুক মুনি বদতি শুনিয়াে পৰীক্ষিত। পাপৰ অন্তক ইটো কৃষ্ণৰ চৰিত । এহিমতে মৰিল যতেক যদু-ঝক। অনন্তৰে দাৰুক গৈলন্ত দ্বাৰকাক ॥ ১৩২ গােৱিন্দৰ বিয়ােগে বিহ্বল আতি হুই। চাই আছে নৰ-নাৰী ৰহি উৰ্দ্ধ-মুই । বসুদেৱ উগ্রসেনাে আছে দুঃখভাৱে । পড়িল দাৰুক গৈয়া দুহান্তৰ পাৰে ৷ ১৩৩ চক্ষুৰ লােতকে তিয়াইলন্ত দুইৰ ভৰি। কান্দিলা অনেক ৰাম কৃষ্ণক সুমৰি। দীকক বেঢ়িয়া সােধ নাৰী-নৰে । কি ভৈল সাৰথি কথা কহিয়াে সত্বৰে। ১৩৪ মুচিলন্ত আখি আতি গদগদ মাত। কহিলা দাৰুকে পাছে সকল বৃত্তান্ত । কি কহিবাে কথা মােৰ দহরে হৃদয়। অনন্যা-অন্যে যদুগণ গৈলা যমালয় । ১৩৫