পৃষ্ঠা:Kirtan Ghosha.pdf/৫২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘােষ [ ও ১৩ গুৰুক দক্ষিণা আনি দিল। স্বদেহে ব্যাধকো স্বর্গে নিলা ১২৭ ব্ৰহ্ম-অস্ত্রে দহন্তে তােমাক। ৰাখিল ধৰিয়া গদাক। হেন হৰি দেৱ আদি-মূল। নৰাখিলা ইটো যদু-কুল। ১২৮ মনুষ্যত নাই স্বস্থ গতি। অন্তু-কালে হােৱে বিসঙ্গতি ॥ হেনসে দেখাই দেৱ হৰি। গৈলা লড়ি কুলক সংহৰি ॥ ১২৯ ইটো লীলা-চৰিত্ৰ কৃষ্ণৰ। কৰয় কীৰ্ত্তন যিটো নৰ ॥ তাৰ হুইবে বৈকুণ্ঠত বাস। হেন জানি তেজিয়ােআলাস ১৩০ হৰিৰ কীৰ্ত্তন সদা কৰা। বৃথা কথা কহিয়া নমৰা । কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে। হৰি হৰি বােলা নিৰন্তৰে। ১৩১