পৃষ্ঠা:Kirtan Ghosha.pdf/৫০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯৫
খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

বিশেষত মনুষ্যগণত যিটো নৰে।
বিষ্ণু-বুদ্ধি সৰ্ব্বদায় মোকে মান্য কৰে॥
ঈৰিষা অসূয়া অহঙ্কাৰ তিৰস্কাৰ।
সৱে নষ্ট হোৱে তেৱে তাৱক্ষণে তাৰ॥৩৯
দেখি সখিগণে জোনো হাসে সৱে বেঢ়ি।
মঞি সাধু ইটো চোৰ হেন লজ্জা এড়ি॥
কুকুৰ চণ্ডাল গৰ্দ্দভৰো আত্মা ৰাম।
জানিয়া সৱাকে পড়ি কৰিবা প্ৰণাম॥৪০
সমস্ত ভূতত বিষ্ণু-বুদ্ধি নোহে যাৱে।
কায় বাক্য মনে অভ্যাসিবা এহিভাৱে॥
বিষ্ণুময় দেখে যিটো সমস্তে জগতে।
জীৱন্তে মুকুত হোৱে অচিৰকালতে॥৪১
সকল প্ৰাণীক দেখিবেক আত্ম-সম।
উপায় মধ্যত ইটো অতি মুখ্যতম॥
মোৰ ইটো ধৰ্ম্মৰ অল্পৰো নাহি হানি।
যিহেতু সম্যকে মই কৈলো তত্ত্ব-বাণী॥৪২
দাম্ভিক শঠত নকহিবা ইটো তত্ত্ব।
সদা উপদেশ দিবা বৈষ্ণৱজনত॥


পাং ৩৯॥ বিষ্ণু••••মাকে--বিষ্ণুবুদ্ধিভাৱে সৰ্ব্বদায়ে।
 ৪০॥ চোৰ-নীচ। চণ্ডাল--শৃগাল।