পৃষ্ঠা:Kirtan Ghosha.pdf/৫০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪]
৪৯৭
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্রয়াণ

স্ত্ৰী-শূদ্ৰো কৰে যদি আমাত ভকতি।
তাহাত কহিবা ইটো জ্ঞান মহামতি॥৪৩
আক ভক্তি কৰি পঢ়ে যিটো জ্ঞানী লোকে।
মহা শুদ্ধ হুয়া জ্ঞান-দীপে দেখে মোকে॥
জানিলা উদ্ধৱ আৱে দিলো উপদেশ।
তোমাৰ কি শোক মোহ গুচিল নিঃশেষ॥৪৪
ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া।
পৰম সুন্দৰ মোৰ দেখা ইটো কায়া॥
সৱাতো অধিক তুমি মোৰ প্ৰিয়তম।
নাহি আন বান্ধৱ উদ্ধৱ তুমি সম॥ ৪৫
ভকতেসে মোৰ হৃদি জানিবা নিশ্চয়।
ভকতজনৰ জান আমিসি হৃদয়॥
মঞি বিনা ভকতে নিচিন্তে কিছু আন।
ভকতত পৰে মই নেদেখোহো আন॥ ৪৬


পা• ৪৫॥ ইটো—কেন।

৩২