এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
86
কীর্তন-যােবা
বিশেষত মনুষ্যগণত যিটো নৰে।
বিষ্ণু-বুদ্ধি সর্বদায় মােকে মান্য কৰে।
ঈৰিষা অসূয়া অহঙ্কাৰ তিৰস্কাৰ।
সৱে নষ্ট হােৱে তেৱে তাক্ষণে তাৰ। ৩৯
দেখি সখিগণে জোনাে হাসে সৱে বেঢ়ি।
মঞি সাধু ইটো চোৰ হেন লজ্জা এড়ি।
কুকুৰ চণ্ডাল গর্দভৰৰ আত্মা ৰাম।
জানিয়া সৱাকে পড়ি কৰিবা প্রণাম । ৪০
সমস্ত ভূতত বিষ্ণু-বুদ্ধি নােহে যাবে।
কায় বাক্য মনে অভ্যাসিবা এহিভাৱে ॥
বিষ্ণুময় দেখে যিটো সমস্তে জগতে।
জীৱন্তে মুকুত হােৰে অচিৰকালতে। ৪১
সকল প্রাণীক দেখিবেক আত্ম-সম।
উপায় মধ্যত ইটো অতি মুখ্যতম।
মােৰ ইটো ধৰ্ম্মৰ অল্পৰৰ নাহি হানি।
যিহেতু সম্যকে মই কৈলাে তত্ত্ববাণী ॥৪২
দাম্ভিক শঠত নকহিবা ইটো তত্ত্ব।
সদা উপদেশ দিবা বৈষ্ণৱজনত।
পা ৩৯ বিষ্ণু••••মাকে--বিষ্ণুবুদ্ধিভাৱে সৰ্ব্বদায়ে।
• | চোৰ-গাচ। চণ্ডাল--শৃগাল।