এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮৮
[ খণ্ড ২৩
কীৰ্ত্তন ঘোষা
কৃষ্ণক আগত দেখি প্ৰত্যেক।
কৰিলেক তুতি আৰো অনেক।৷
নকৈলে পদ বিস্তৰক ডৰে।
বোলা হৰি হৰি সমস্ত নৰে॥ ১৩
দ্বিতীয় কীৰ্ত্তন
ঘোষা।৷ শিৱ সাৰঙ্গধাৰী মধুসুদন দৈত্যাৰি।৷২
পদ।৷ আকাশত থাকি ব্ৰহ্মা বোলে তুতিবাণী।
মাতস্ত কৃষ্ণক শুনা প্ৰভু চক্ৰপাণি॥
খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ।
দৈৱকীৰ গৰ্ভে আসি ভৈলা অৱতাৰ॥ ১৪
দুষ্ট ৰাজাগণক মাৰিলা কৰি লীলা।
সন্তক ৰাখিলা প্ৰভু ধৰ্ম্মক স্থাপিলা।৷
সমস্ত লোকৰ কৰি পাপৰ প্ৰলয়।
দশোদিশে প্ৰকাশে তোমাৰ যশচয়।৷ ১৫
যদু-কুলে অৱতৰি আছা দামোদৰ।
পঞ্চিশ অধিক গৈল শতেক বৎসৰ।৷
দেৱ-কাৰ্য্য লাগে মানে সাধিলা সকলে।
কুলকো নশিলা প্ৰায় বিপ্ৰ-শাপ-ছলে॥ ১৬
।