পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
৪৮৭
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ

নমো নমো কৃষ্ণ তযু চৰণে।
যাহাক পৰম ভকতজনে।৷
হৃদয়ত চিন্তে কৰি প্ৰবন্ধ।
অপ্ৰয়াসে তৰে সংসাৰ-বন্ধ॥ ৮
ত্ৰিগুণা মায়াক কৰি আশ্ৰয়।
আত্মাত স্ৰজা যত জীৱচয়।৷
স্ৰজন পালন কৰা আপুনে।
নপাৱে লাগ একে দোষ-গুণে॥ ৯
তোমাৰ শুনিয়া গুণ-চৰিত্ৰ।
যিমতে হোৱয় লোক পৱিত্ৰ।৷
জ্ঞানে দানে তপে বেদ-আচাৰে।
সিমতে শুদ্ধ কৰিবাক নৰে॥১০
তোমাৰ ইসৱ লীলা-চৰিত।
তাক শুনে ভণে যিটো কলিত।৷
অনেক পুৰুষ কৰি উদ্ধাৰ।
সংসাৰ সুখে হোৱয় পাৰ।৷ ১১
ষোড়শ সহস্ৰ পত্নীসকলে।
অনেক ভাৱ দৰশায়া ছলে॥
মনক মথিবে নোৱাৰে যাৰ।
হেন কৃষ্ণ পাৱে নতি আমাৰ॥ ১২