পৃষ্ঠা:Kirtan Ghosha.pdf/৫০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


করুন : কৃষ্ণৰ বৈকুণ্ঠপ্রয়াণ পৃথিৱীক এড়ি আৱে আসা নিজ স্থান। আমি সৱ কিঙ্কৰক কৰা পৰিত্ৰাণ । মাধৱে বােল শুনিয়ােক প্রজাপতি। পৃথিৱীক এড়িবে আমাৰ আছে মতি। ১৭ কিন্তু যেৰে যাওঁ যদুকুল নসংহৰি। আৰ ভৰে দুনাই তল যাইবে বসুন্ধৰী । আগে আমি ইটো যদুকুল কৰি ক্ষয়। তেৱেসে চলিবাে ব্রহ্মা তােমাৰ নিলয়। ১৮ শুনি ব্রহ্মা প্রণামিল কৰি কৃতাঞ্জলি। ত্রিশে সহিতে নিজ স্থানে গৈলা চলি । দ্বাৰকাত অনেক মিলাৱে উতপাত। প্রত্যেকে দেখাৱে যেন প্ৰজাৰ বিখ্যাত। ১৯ বুলিলন্ত বাণী কৃষ্ণে বংশক শুনাই। প্রভাসক যাইবে আমি এড়ি ইটো ঠাই। তােমাৰ বংশত হুয়া আছে ঋষি-শাপ। ঘােৰ উৎপাত দেখি মিলে হৃদি-তাপ ২০ আজি যাইবাে প্রভাষক কৰিয়ে উদ্যোগ। তৈতে স্নানি চন্দ্রে এড়াইলন্ত যক্ষা-ৰােগ ? রুক্ষ-শাপ গুচিল পাইলন্ত পূর্ণ-কলা। হেন জানি যদুগণ তৈকে লাগি চলা ॥ ২১