পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


8 কীর্তনঘােখা [ খ ২৪ কৃষ্ণক আগত দেখি প্রত্যেক। কৰিলেক তুতি আৰাে অনেক। নকৈলে পদ বিস্তৰক ৰে। বােলা হৰি হৰি সমস্ত নৰে ॥ ১৩ দ্বিতীয় কীর্তন ঘােষা। শিৱ সাৰধাৰী মধুসুদন দৈত্যাৰি। পদ। আকাশত থাকি ব্রহ্মা বােলে তুতিবাণী। মাতস্ত কৃষ্ণক শুনা প্রভু চক্রপাণি খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ। দৈৱকীৰ গর্ভে আসি ভৈলা অৱতাৰ । ১৪ দুষ্ট ৰাজাগণক মাৰিলা কৰি লীলা। সন্তক ৰাখিলা প্রভু ধৰ্ম্মক স্থাপিলা । সমস্ত লােকৰ কৰি পাপৰ প্ৰলয়। শােদিশে প্রকাশে তােমাৰ যশচয় । ১৫ যদু-কুলে অৱতৰি আছ দামােদৰ। পঞ্চিশ অধিক গৈল শতেক বৎসৰ । দেৱ-কাৰ্য লাগে মানে সাধিলা সকলে। কুলকো নশিলা প্রায় বিপু-শাপ-ছলে ॥ ১৬ ।