এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ত্ৰয়োবিংশ খণ্ড
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
অৰ্জ্জুন-যুধিষ্ঠিৰ-সংবাদ আৰু উদ্ধৱ-বিলাপ সহিত
প্ৰথম কীৰ্ত্তন।
ঘোষা। মাধৱ পদ্ম-নাভ ভগৱন্ত।
নাৰায়ণ নৰসিংহ অনন্ত॥১
পাদ॥ বোলন্ত শুকে শুনা পৰীক্ষিত।
এহিমতে কৃষ্ণে বলো সহিত।৷
সমস্ত দৈত্যৰ চিন্তিয়া মাৰ।
লীলায়ে হৰিল ভূমিৰ ভাৰ।৷১
গুণন্ত ত্ৰিজগতপতি পাছে।
দুঃসহ মহা যদু-বংশ আছে।
ত্ৰৈলোক্য-বিজয় একৈক বীৰ।
নুগুচিল কিছু ভাৰ ভূমিৰ।৷ ২
যিহেতু সৱাৰ মঞি আশ্ৰয়।
কাহাতো হন্তে নাহি পৰাজয়॥