পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘােষ ( খণ্ড ২৩ কল লগাই আসন্থাৰ মেলে। পৃথিৱীৰ ভাৰ হৰিবৰ হেলে। ৩ এহি বুলি পাছে যাদৱ-কুলে। দিয়াইলা বিপ্র-শাপ প্রভু ছলে। মিলিল অমঙ্গল দ্বাৰকাত। সৱাৰৰ মনে কৰে উতপাত ৪ ব্ৰহ্মাক আৱৰি ত্ৰিশ জাক। আসিলা পাছে সৰে দ্বাৰকাক ! কৃষ্ণৰ দৰশন-অভিলাষে। ৰহিলা বিমান, যুড়ি আকাশে । ৫. মহাসমৃদ্ধি দেখি দ্বাৰকাৰ। বিস্ময় ভৈল আতি দেৱতাৰ , কৃষ্ণক পাছে দশন পাই। অদ্ভুত ৰূপক আছিল চাই। ৬ তৃপিতি নাহি চান্ত এক-দৃষ্টি। কৰ শিৰে পাৰিজাত-বৃষ্টি । কৃতাঞ্জলি কৰি এক যুকুতি। তৈৰেপৰা সৱে কৰন্ত তুতি। ৭ পা ৪ ॥ কুমেলে।