এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৬
৪৭৭
কৃষ্ণ লীলা মালা
উদ্ধৱ সহিতে কৃষ্ণ গৈলা ইন্দ্ৰপ্ৰস্থ।
পুৰিলন্ত পঞ্চ পাণ্ডৱৰ মনোৰথ॥
কৃষ্ণৰ কিঙ্কৰে কহে দুঃখ তেৱে তৰি।
পাতক ছাড়োক ডাকি বোলা হৰি হৰি।৷ ৭৫
ষষ্ঠ কীৰ্ত্তন
ঘোষা।৷ পিয়ো পিয়ো ৰাম-নাম-অমৃত।
বৃথা কথা কই নমৰ চিত্ত॥ ৬
পদ।৷ যুধিষ্ঠিৰ ৰাজা কৃষ্ণক চাই।
অৰ্চ্চিলন্ত আতি দুনাই দুনাই।৷
ৰাজাকো কৃষ্ণে নমি প্ৰণিপাতে।
মৰাইলা মাগধ ভীমৰ হাতে।৷ ৭৬
মেলায়া ভকত নৃপতিচয়।
দেখাইলা নিজ ৰূপ কৃপাময়॥
প্ৰসন্ন মুখ পঙ্কজৰ জৌতি।
কৌস্তুভ কণ্ঠে গলে গজমতি॥ ৭৭
মকৰ কুণ্ডলে উজ্জ্বল গণ্ড।
প্ৰকাশে চাৰু চাৰি ভুজ-দণ্ড।
কিৰীটি-ৰত্ন কৰে কান্তি।
উৰলে জ্বলে শ্ৰীবৎস-পান্তি॥৭৮