পৃষ্ঠা:Kirtan Ghosha.pdf/৪৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ২২ কৃষ্ণৰ গৃহস্থ ধয় দেখি ঘৰে ঘৰ। পৰম বিস্ময় মন ভৈলা নাৰদৰ। কেবলে ঈশ্বৰমাত্র দেখি পাছে ঋষি। কৃষ্ণ-গুণ গায়া চলি গৈল হৰিষি ॥ ৭০ নিশাত কস্ত কৃষ্ণে শয্যাত শয়ন। কণ্ঠত আলিঙ্গি শুতি থাকা পত্নীগণ। ৰজনীৰ শেষ জানি ৰাৱে পক্ষীচয়। নাৰীগণণা হােৱে কৃষ্ণ-বিৰহত ভয় ॥ ৭১ কুকুৰী আৰাৱ কৰে তাকো পাৰে গালি। উঠি নিত্য-কৃত্য পাছে কৰি বনমালী। চৌৰাণী অধিক তেৰ হাজাৰ-প্রমাণ। ঘৰে ঘৰে প্রতিদিনে কৰম্ভ গাে-দান। ৭২ দাকে যােগান্তু ৰথ চড়ি গৈলা তাতে। সাত্যকি উদ্ধৱ সমে বসন্ত সভাতে । চতুর্ভিতি বেঢ়িপাত্র মন্ত্রী সভাসদ। দেৱ-কাৰ্য্য সাধিবাক আসিলা নাৰদ। ৭৩ জসন্ধে বান্ধি আছে নৃপতি বহুত। কৃষ্ণত শৰণ মাগি পঠাই দিলা দূত। সেহি বেলা যুধিষ্ঠিৰ পঠাইলন্ত মাতি। মন্ত্রীগণ সমে কৃষ্ণ আলােচিলা ৰাতি ঃ ৭৪