পৃষ্ঠা:Kirtan Ghosha.pdf/৪৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭৮
[ খণ্ড ২২
কীৰ্ত্তন ঘোষা

শ্যাম তনু তাতে পীত বসন।
বিজুলী ৰঞ্জে যেন নৱ ঘন॥
কটি-তটে কাঞ্চী-ৰত্নৰ জ্বালা।
আপাদলম্বী গলে বনমালা।৷৭৯
চৰণ-পঙ্কজে মঞ্জীৰ-ঘোষ।
মিলাৱে ভক্তৰ মনে সন্তোষ।৷
সম্মুখে দেখে হেন হৃষীকেশ।
সমস্তে এড়াইলা বন্ধন-ক্লেশ।৷ ৮০
আনন্দে, দ্ৰবিল সৱাৰো চিত্ত।
লোতক ঝৰে তনু ৰোমাঞ্চিত।৷
আছিল মৰি দুনাই যেন জীল।
আলিঙ্গিয়া যেন নয়নে পিল।৷ ৮১
চাহান্তে গৈল অনুৰাগ চড়ি।
প্ৰণমিলা আতি চৰণে পড়ি।৷
হৰিষতে যেন পাইলা মুকুতি।
কৰিলা কৃষ্ণক অনেক তুতি॥ ৮২
মাগিলা পৰম ভকতি-দান।
সৱাকে কৰিলা কৃষ্ণে সম্মান।৷
তুষিয়া পঠাই দিলা নিজ ঘৰ।
ৰাজসূয়ে আসি যোগাইলা কৰ॥ ৮৩