পৃষ্ঠা:Kirtan Ghosha.pdf/৪৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শীলামাল উদ্ধৱ সহিতে কৃষ্ণ গৈলা ইন্দ্রপ্রস্থ। পুৰিলন্ত পঞ্চ পাণ্ডৱৰ মনােথ । কৃষ্ণৰ কিঙ্কৰে কহে দুঃখ তেৰে তৰি। পাতক ছাড়ােক ডাকি বােলা হৰি হৰি। ৭৫ ঘােষা। পিয়া পিয়াে ৰামনাম-মৃত। বৃথা কথা কই নমৰ চিত্ত ॥ ৬ পদ। যুধিষ্ঠিৰ ৰাজা কৃষ্ণক চাই। অচ্চিল আতি দুনাই দুনাই। ৰাজাকো কৃষ্ণে নমি প্ৰণিপাতে। মৰাইলা মাগধ ভীমৰ হাতে। ৭৬ মেলায়া ভকত নৃপচিয়। দেখাইলা নিজ ৰূপ কৃপাময় । প্রসন্ন মুখ পঙ্কজৰ জৌতি। কৌস্তুভ কণ্ঠে গলে গজমতি ॥ ৭৭ মকৰ কুণ্ডলে উজ্জ্বল গণ্ড। প্রকাশে চাৰু চাৰি ভু-দণ্ড। কিৰীটি-ৰত্ন কৰে কান্তি। উৰলে জ্বলে শ্রীবৎস-পান্তি ৭৮