এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭৪
[খণ্ড ২২
কীৰ্ত্তন ঘোষা
মিত্ৰবৃন্দা কালিন্দীক পাছে যদু-নাহ।
ভদ্ৰা সত্যা লক্ষণাক কৰিলা বিবাহ।৷
এহি অষ্ট মহিষী কৃষ্ণৰ প্ৰিয় জায়া।
বোলা হৰি হৰি তৰা সংসাৰৰ মায়া॥ ৬১
পঞ্চম কীৰ্ত্তন
ঘোষা।৷ হেৰা বেলায় গৱাইলো হৰি ইহেন জনম।
নভৈল ভকতি মঞি পাতকী পৰম॥৫
পদ॥ নৰকক মাৰি ৰূপে-গুণে মহা ধন্যা
ষোড়শ হাজাৰ প্ৰভু পাইলা দিব্য কন্যা।
স্বৰ্গৰো আনিলা হৰি পুষ্প পাৰিজাত।
দ্বাৰত ৰুইলা সত্যভামাৰ সাক্ষাত॥ ৬২
ৰুক্মিণীক কৰিলাহা প্ৰেমে পৰিহাস।
ভৈলন্ত ভয়তে দেৱী প্ৰাণতো নৈৰাশ।৷
চতুৰ্ভুজ হৈয়া হৰি তুলি আঙ্কোৱালি।
ৰুক্মিণীক আশ্বাস কৰিলা বনমালী।৷ ৬৩
বুলিলন্ত কৃষ্ণে যত নিন্দা আপুনাক।
ওলটায়া ৰুক্মিণী বুলিলা তুতি-বাক।৷
ভৈলা অনুৰাগ প্ৰভু-চৰণত আতি।
ভৰিলা দ্বাৰকা কেশৱৰ পুত্ৰ-নাতি।৷ ৬৪