এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
913
কীর্তন-ঘােষ
মিত্রবৃন্দা কালিন্দীক পাছে যদুনাহ।
ভদ্রা সত্যা লক্ষণাক কৰিলা বিবাহ।
এহি অষ্ট মহিষী কৃষ্ণৰ প্রিয় জায়া।
বােলা হৰি হৰি তৰা সংসাৰৰ মায়া ॥ ৬১
পঞ্চম কীর্তন
ঘােষা। হে বেলায় গৱাইলে হৰি ইহেন জনম।
নভৈল ভকতি মঞি পাতকী পৰম ॥
পদ৷ নৰকক মাৰি ৰূপে-গুণে মহা ধন্যা
যােড়শ হাজাৰ প্ৰভু পাইলা দিব্য কন্যা।
স্বৰ্গৰৰ আনিলা হৰি পুষ্প পাৰিজাত।
দ্বাৰত ৰুইলা সত্যভামাৰ সাক্ষাত ॥ ৬২
কণিীক কৰিলাহা প্রেমে পৰিহাস।
ভৈলন্ত ভয়তে দেৱী প্রাণতত নৈৰাশ।
চতুভুজ হৈয়া হৰি তুলি আঙ্কোৱালি।
রুক্মিণীক আশ্বাস কৰিলা বনমালী। ৬৩
বুলিল কৃষ্ণে যত নিন্দা আপুনাক।
ওলটায়া ৰুক্মিণী বুলিলা তুতি-বাক।
ভৈলা অনুৰাগ প্রভু-চৰণত আতি।
ভৰি দ্বাৰকা কেশৱৰ পুত্ৰ-নাতি। ৬৪..