পৃষ্ঠা:Kirtan Ghosha.pdf/৪৮৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


.896 + কৃষ্ণৰ সমান ৰূপ একৈক ভাৰ্য্যাত। দশ তনয় এক ঝীৰ ভৈলা জাত। বহুবিধ কৰি লীলা জগতৰে নাহে। কক্সক মইলা অনিৰুদ্ধৰ বিবাহে। ৬৫ উষাক ক্ৰীড়িলা কৃষ্ণ-নাতি অনিৰুদ্ধ। বাণক ৰাখিবে লাগি ৰুদ্রে দিল যুদ্ধ। লীলায়ে ভঙ্গাইল শঙ্কৰক ঘােৰ ৰণে। চক্র-বাণে বাহুক ছেদিলা নাৰায়ণে ॥ ৬৬ যুদ্ধত নােৱাৰি তুতি কৰিলন্ত হৰে। নৃগ নৃপতিক উদ্ধাৰিলা তাত পৰে। জীড়িলন্ত বলভদ্রে গােকুলক যাই। যমুনাকো অৰিলা লাঙ্গল ভেজাই ॥ ৬৭ চক্রে ধৰি খেদি গৈল বাৰাণসী খান। সুদক্ষিণ পৌণ্ডকৰৰ কৃষ্ণে লৈলা প্রাণ। ৰৈত গিৰিত ক্রীড়া কৰি হলধৰ। সমৰে মাৰিল দুষ্ট দ্বিবিদ বানৰ। ৬৮ ধৰিলা শাম্বক কুৰু-বীগণে চাপি। খুজিলেক ৰামে গৈয়া নেদিলা তথাপি। হস্তিনাপুৰক কোপে উভতাওঁ বুলি। লাঙ্গল ভেজায়া বলল ধৰিলন্ত তুলি ॥ ৬৯