পৃষ্ঠা:Kirtan Ghosha.pdf/৪৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪
৪৭৩
কৃষ্ণ-লীলা-মালা

বিপক্ষ নৃপতিসকলক জিনি ৰণে।
ৰুক্মকো মুণ্ডিলা চক্ৰ ধৰি নাৰায়ণে।৷
দ্বাৰকাত পাতি সভা দেবতো অধিক।
কৰিলা বিৱাহ মহোৎসৱে ৰুক্মিণীক॥ ৫৬
ভৈলা কামদেৱ ৰুক্মিণীৰ গৰ্ভে জাত।
হৰিলা সম্বৰে তাক কৰিলা নিপাত।৷
ভাৰ্য্যায়ে সহিতে দুনাই দ্বাৰকাক আইল।
পুত্ৰ দেখি ৰুক্মিণীৰ শৰীৰ যুড়াইল॥ ৫৭
মণি হেতু জাম্বৱন্ত জিনি যদু-পতি।
স্যমন্তক সমে পাইলা কন্যা জাম্বৱতী।
সত্ৰাজিতে দিলে সত্যভামাক ভয়ত।
মণিক যৌতুক দিলা কন্যাৰ লগত॥৫৮
থৈলা সত্ৰাজিততে মাধৱে মণি পুনু।
তাঙ্ক কাটি মণি পাছে নিলা শতধনু॥
অক্ৰুৰত মণি থৈয়া ঘোঁৰায়ে পলাইল।
তাক চক্ৰে কাটি কৃষ্ণে মণিক নপাইল॥৫৯
দ্বাৰকা এড়িয়া পাছে পলাইল অক্ৰুৰ।
আনিলন্ত দুনাই কৃষ্ণে তাঙ্ক যদু-পুৰ॥
তাৰপৰা মণি লৈয়া দেখায়া জ্ঞাতিত।
এড়াইলা দুৰ্যশ প্ৰভু পাছে বিপৰীত॥ ৬০