এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮
৪৭১
কৃষ্ণ লীলা মালা
আনি উগ্ৰসেন পাতিলা ৰাজা।
পাছে আশ্বাসিলা যাদৱ প্ৰজা॥
নন্দকো সৎকাৰ কৰিলা আতি।
পঠাইলা প্ৰবোধিয়া বুলি-মাতি॥ ৪৭
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
কৃষ্ণ-কথা শুনা সমস্ত জনে।।
কৃষ্ণ-লীলা-মালা ইহাৰ নাম।
সংসাৰ তৰা বুলি ৰাম ৰাম॥ ৪৮
চতুৰ্থ কীৰ্ত্তন
ঘোষা। ৰাম স্বামী মাগোহো শৰণ হেৰা আমি।
তোমাক নভজি প্ৰভু ভৈলো অধোগামী॥৪
পদ॥ পাছে উগ্ৰসেনক নৃপতি পাতি হৰি।
নন্দকো কৰিলা শান্ত বচনে সাদৰি॥
যেনমতে মানো বসুদেৱদৈৱকীক।
তুমি পোষ্টা-পিতৃ দেখো তাহাতো অধিক॥ ৪৯
অনন্তৰে নৱগুণ দিলা গৰ্গ ঋষি।..
পাছে গুৰু-গৃহে বাসা কৰিলা হৰিষি।
জানিলা চৌষষ্ঠি কলা পাছে চক্ৰপাণি।
দিলা গুৰু-দক্ষিণা মৃতক পুত্ৰ আনি॥৫০