পৃষ্ঠা:Kirtan Ghosha.pdf/৪৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ] কৃষ্ণলীলা-মালা আনি উগ্রসেন পাতিলা ৰাজা। পাছে আশ্বাসিলা যাদৱ প্ৰজা৷ নলকে সৎকাৰ কৰিলা আতি। পঠাইলা প্রবােধিয়া বুলি-মাতি ॥ ৪৭ কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে। কৃষ্ণ-কথা না সমস্ত জনে । কৃষ্ণ-লীলা-মালা ইহাৰ নাম। সংসাৰ তৰা বুলি ৰাম ৰাম ॥ ৪৮ চতুর্থ কীর্তন ': ঘােষা। ৰাম স্বামী মাগােযে শৰণ হেৰা আমি। তােমাক নভজি প্রভু ভৈলাে ােেগামী ৪ পদ ॥ পাছে উগ্রসেনক নৃপতি পাতি হৰি। নন্দকো কৰিলা শান্ত বচনে সাদৰি, যেনমতে মানাে বসুদেৱদৈৱকীক। তুমি পােষ্টা-পিতৃ দেখাে তাহাতে অধিক ॥ ৪৯ অনন্তৰে নৱগুণ দিলা গর্গ ঋষি।.. পাছে গুৰু-গৃহে বাসা কৰিলা হৰিষি । জানিলা চৌষষ্ঠি কলা পাছে চক্রপাণি। দিলা গুৰক্ষিণা, মৃতক পুত্র আনি:৫০