পৃষ্ঠা:Kirtan Ghosha.pdf/৪৮১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


99.. (খণ্ড ২২ - ভুমিত পাড়ি কাঢ়ি লৈলা দন্ত । কৰিলা কোবাই হস্তীৰ অন্ত। কন্ধত গজদন্ত অনুপাম। পশিলা ৰঙ্গশালা কৃষ্ণ-ৰাম । ৪২ চৌপাশে উপাশে গােপ-কুমাৰে। দেখিলা কৃষ্ণক দশ প্রকাৰে । বলে মুক্তিকক কৃষ্ণে চাণুৰ । মাৰি মাল দুইকো কৰিলা চুৰ ৫৪৩ আসিল খেদি আৰৰ যত মাল। কৰিলা ৰাম-কৃষ্ণে তাৰ কাল।. নাচিলা কৃষ্ণ সমাজৰ মাজে । পাৰে ৰুণখুন নুপুৰ বাজে। ৪৪ দেখিয়া গৰজে কংস বিশাল। উচ্ছিত মঞ্চত চড়ি গােপাল। কেশত ধৰি তাৰ ঘণ্টা লাড়ি। পাড়িলা ভূমিত উপৰে পড়ি। ৪৫ মৰিলা কংস জগতৰ ভৰে। পাইলেক সাপ্য সিটো কৃষ্ণৰে। পিতৃ-মাতৃ দুইৰৰ বন্ধন ছছাড়ি। কৰিলা তুতি দুইক কৰ যােড়ি,৪৬