পৃষ্ঠা:Kirtan Ghosha.pdf/৪৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭২
[খণ্ড ২২
কীৰ্ত্তন ঘোষা

মধুৰাক আসি কৃষ্ণে পঠাই উদ্ধৱক।
কইলা সান্ত্বনা পাছে যশোদা-নন্দক।৷
গোপী সমস্তক বাক্য সন্দেশ পঠাই।
সান্ত্বনা কৰিলা কৃপাময় যদুৰায়॥৫১
কুবুজাক ক্ৰীড়ি কৃষ্ণ জগত-ঈশ্বৰ।
প্ৰৱেশিলা গোৱিন্দ গৃহত অক্ৰুৰৰ৷
অৰ্চ্চিলন্ত দানপতি পায়া মাধৱক।
পাণ্ডৱৰ পাশক পঠাইলা অক্ৰুৰক॥ ৫২
জৰাসন্ধ ভয়ে যেন প্ৰভু যদুৰাজে।
নিৰ্ম্মিলা দ্বাৰকাপুৰী পয়োনিধি মাজে।
নিলা তৈকে মথুৰাৰ প্ৰজা যোগ-বলে।
মাৰিলাহা জৰাসন্ধ সেনাক সকলে।৷ ৫৩
বধিলা যৱন মুচুকুন্দক দেখাই।
কৰিলন্ত তুতি মুচুকুন্দ মহাৰায়।৷
দিলন্ত প্ৰসাদ তাঙ্ক পৰম ভকতি।
মুচুকুন্দ লভিলন্ত ভগৱন্ত গতি।৷ ৫৪
জৰাসন্ধ-ভয়ে নৰ-চেষ্টাক দেখাই।
পশিল পলাই দ্বাৰকাত দুয়ো ভাই।৷
ৰুক্মিণী পঠাইলা গোপ্য প্ৰেমপত্ৰ লিখি।
আতি সকৰুণ ভৈল কৃষ্ণে তাঙ্ক দেখি।৷ ৫৫