এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬৮
[খণ্ড ২২
কীৰ্ত্তন ঘোষা
তৃতীয় কীৰ্ত্তন
ঘোষা।৷ ভাৱক ভাই ভজ ভগৱন্ত।
কৰি হৰিসে দুঃখৰ অন্ত॥৩
পদ।৷ নাৰদে পাছে গোকুল আসি।
নমিল কৃষ্ণৰ গুণ প্ৰকাশি॥
কংসে পাঞ্চিলেক আসি অক্ৰুৰ।
সন্ধ্যা সময়ত পশি গোপ-পুৰ॥৩৩
আকুল হুয়া আতি প্ৰেমভাৱে।
কৃষ্ণ কৃষ্ণ বুলি পড়িলা পাৱে।৷
খুড়া বুলি কৃষ্ণে সাবটি ধৰি।
কৰিলা সৎকাৰ আতি সাদৰি।৷ ৩৪
কংসৰ শুনিয়া নন্দে আদেশ।
লড়িলা শকটে গোপ নিশেষ।৷
গোপিকাক ৰাম-কৃষ্ণে আশ্বাসি।
সুৱৰ্ণৰ ৰথে চড়িলা আসি॥৩৫
অক্ৰুৰে সত্বৰে ডাকিলা ৰথ।
কান্দে গোপী চাই কৃষ্ণৰ পথ।৷
মধ্যাহ্ন সন্ধ্যা কৰিবাক প্ৰতি।
মজিলা যমুনাত দানপতি।৷ ৩৬