পৃষ্ঠা:Kirtan Ghosha.pdf/৪৮০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


76 ) শীলা দেখিলা অনন্ত সহস্র-ফেট। কোলত কৃষ্ণ পাইলও ভেট। কৰিলন্ত তুতি পড়ি অকূৰ। প্ৰৱেশিলা পাছে মধুৰা-পুৰ। ৩৭ গােপগণ সঙ্গে ৰঙ্গে মুৰাৰি। ভ্রমন্তে দেখিলা মথুৰা-নাৰী। কন্দর্প কোটি যাক নােহে তুল। সাৰি সাৰি নাৰী বৰিযে ফুল ॥ ৩৮ বধিলা থােক চৰ-অস্ত্রে। বেশকাৰে আসি তুষিলা বস্ত্রে। পিন্ধাইলা চন্দন কুঁজী সাদৰি। তাইৰ কুঁজ সম কৰিলা হৰি। ৩৯ পিন্ধাইলা মালী অঙ্গ-মুণ্ডমালা। দিলা সুদামাক বৰ গােপাল ॥ ভাঙ্গিলা কংসৰ ধনুক ধৰি। ৰখীয়া সেনাক বধিলা হৰি। ৪. বঞ্চিলা ৰাতি নগৰৰ মাঝে। প্রভাতে শুনন্ত দুন্দুভি বাজে। গৈলন্ত খেদিয়া নন্দকুমাৰ। কুবলয়াগীড়ে ভেন্টিলে খাৰ। ৪১