পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ২] ফীলা-মালা বাঢ়িল গর্ব দেখি গােপিৰ্কাৰ। ভৈলা অন্তর্ধান জগ-আধাৰ । কান্দিল কৃষ্ণৰ গুণ বর্ণাই। তনু পুলকিত চেতন নাই। ২৮ গােপীৰ আতি প্রেম-ভকতিত। সৱাৰ মধ্যত ভৈলা বিদিত। সৱাকে আশ্বাসি কৰিলা ক্রীড়া। এড়াইলা গােপীগণে কাম-পীড়া ২৯ শঙ্খচূড় নামে যক্ষক মাৰি। ৰাখি আনিলন্ত গােপৰ নাৰী । খেদি আসিলন্ত অৰিষ্ট পাই। লীলায়ে মাৰিলা মাধৱে পাই। ৩০ কংসত নাৰদে কহিলা পাছে। তােৰ প্রাণ-বৈৰী:ব্ৰজত আছে। শুনিয়া কেশীক কংসে পাঞ্চিলা। তাকো মাৰি কৃষ্ণে যমক দিলা ৩১ বুলিলা কংসে অকুৰক আনি। ব্ৰজক মাহা তুমি মহামানী। কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে। হৰি হৰি'বােলা সমস্ত জনে॥ ৩২