এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
৪৬৩
কৃষ্ণলীলা-মালা
তন পিবে নপাই কোপে কৃষ্ণ বৰ চাণ্ড।
শিলা হানি দধিৰ ভাঙ্গিলা সৱে ভাণ্ড॥
সেহি অপৰাধে ধৰি বান্ধিলা সুন্দৰী।
লাসে লাসে উড়ুখল টানি নিলা হৰি॥ ৯
বৃক্ষত লাগিয়া ভৈল উড়ল পথালি।
অৰ্জ্জুনক উভঞ্জি পেহ্লাইলা বনমালী॥
বুলিলেক তুতি দুয়ো কুবেৰ-নন্দন।
নিজ থানে গৈলা কৰি কৃষ্ণক বন্দন।৷ ১০
কোনে ফল লৈবেক পসাৰী দিলে ডাক॥
ধান্য লৈয়া যান্ত কৃষ্ণে ফল কিনিবাক।
কৃষ্ণৰ হস্তত ভৰি দিলা ফল বাছি।
সুৱৰ্ণে ৰতনে তাইৰ উপচিল পাছি॥ ১১
অনন্তৰে ৰাম কৃষ্ণ গৈলা বৃন্দাবন।
শিশুসৱ সহিতে চাৰিলা বৎসগণ।৷
বহুবিধ শিশুলীলা আচৰি প্ৰচুৰ।
লীলায়ে বধিলা তৈতে বৎস বকাসুৰ।৷ ১২
ঘোৰ সৰ্প-ৰূপে অঘে আছে বেন্ত বাই।
বৎস বৎসপালক গিলিল লগ পাই॥
তাৰ গল ভেণ্টিয়া বঢ়াইলা দেহা হৰি।
কৃষ্ণৰ সাৰূপ্য পাইলা অঘাসুৰ মৰি।৷ ১৩