পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ খণ্ড ২

তাত পাছে ব্রহ্মা আসি কৰিলন্ত চুৰি। মায়া কৰি নিলে সৱে গােৰ দামুৰি ॥ হুয়া গৰু গােৰ আপুনি পৰতেক। সর্ব-ৰূপে ব্ৰজত বঞ্চিলা বৰিষেক। ১৪ অনন্তৰে ব্ৰহ্মা আসি ভৈলা বিমােহিত। সৱে দিব্য চতুভুজ ৰূপ বিপৰীত। হৰিল চেতন একো নাহি হৃদি-সিদ্ধি। পাছে পাৰে পড়ি তুতি কৰিলন্ত বিধি। ১৫ গৈলা তাল-বনে সৱে গােল সহিতে। সবান্ধৰে ধেনুকাক বুথিলা তহিতে ॥ গােপগণে লক ভুগিলা কণ্ঠ ভৰি। শঙ্কৰে ৰচিলা কি বােলা হৰি হৰি। ১৬ যােবা । পদ ॥ দ্বিতীয় কম ত্রাহি গােবিন্দ যে অস্তকে গ্রামে। নাসে নাথ নিন্দ ত্রাহি গােৱিন্দ। বিষময় হ্রদ তাক নজানি। মৰিল গৰু-পােপ পিয়া পানী।. কটাক্ষে জীয়াইলা দৃমিলা কালি। হ্রদৰ খেদাইলা তাক নিকালি। ১৭