এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বাবিংশ খণ্ড
কৃষ্ণ-লীলামালা
প্ৰথম কীৰ্ত্তন
ঘোষা। বন্ধু মাধৱ হে তুৱা বিনা কাছে আৰ
তাৰক কে?
বন্ধু মাধৱ হে।১
পদ॥ শুক মুনি ৰজাত কহন্ত বিদ্যমান।
কৃষ্ণ-লীলা-মালা আৰে শুনা সাৱধান।
শ্ৰৱণ-কীৰ্ত্তনে আৰ বৈকুণ্ঠক যায়।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ সৱে আতে পায়॥ ১
ব্ৰহ্মায়ে প্ৰাৰ্থিলা পৃথিৱীৰ দেখি ত্ৰাস।
লৈলা দৈৱকীৰ উদৰত হৰি বাস।৷
গৰ্ভতে বিধাতা তুতি কৰিলন্ত আসি।
দৈৱকীদেৱীক বাক্য বুলিলা আশ্বাসি॥ ২
পাছে উপজিলা নিজ ৰূপে দামোদৰ।
দেখি পিতৃ-মাতৃ তুতি কৰিলা বিস্তৰ॥
উপৰি জন্মৰ কথা নাৰায়ণে কৈলা।
কংস-ভয়ে বসুদেৱে গোকুলত থৈলা। ৩