পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কি খণ্ড কৃষ্ণ-লীলামালা এখন কাল ঘােষা। বন্ধু মাধৱ কে তুৱা বিনা কাছে আৰ বন্ধু মাধৱ হে। পদ ॥ শুক মুনি ৰজাত কহস্ত বিদ্যমান। কৃষ্ণ-লীলা-মালা আৰে শুনা সাৱধান । শ্ৰৱণ-কীৰ্ত্তনে আৰ বৈকুণ্ঠক যায়। ধৰ্ম্ম অর্থ কাম মােক্ষ সরে আতে পায় ১ ব্ৰহ্মায়ে প্রার্থিতা পৃথিৱীৰ দেখি ত্রাস। লৈলা দৈৱকীৰ উদৰত হৰি বাস। গৰ্ভতে বিধাতা তুতি কৰিল আসি। দৈৱকীদেৱীক বাক্য বুলিলা আসি ॥ ২ পাছে উপজিলা নিজ ৰূপে দামােদৰ। দেখি পিতৃ-মাতৃ তুতি কৰিলা বিস্তৰ উপৰি জন্মৰ কথা নাৰায়ণে কৈলা। কংস-ভয়ে বসুদেৱে গােকুলত থৈলা। ৩