পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তিন-যােব। [২১. চাৰি বেদ অষ্টাদশ পুৰাণ যতেক শাস্ত্র পৰম বেদান্ত গৱত । সনক সনন্দ মুনি যােগ জ্ঞান বিচাৰিয়া উদ্ধাৰিলা তাৰ সাৰ-তত্ত্ব। আগম পুৰাণ যত বেদান্তৰৰ তাতপর্য জানি কৰা ভকতিক সাৰ। শ্ৰৱণ-কীৰ্ত্তন বিনা আন পুণ্যে নপায় জানা ইটো ঘােৰ সংসাৰৰ পাৰ। ২৫ . শুনিয়ােক বুধ লােক জনম-মৰণ-দুঃখ অৰিবাৰ যাৰ ইচ্ছা আছে। গােবিন্দৰ নাম-গুণ শ্ৰৱণ-কীৰ্তন কৰা অন্তকে কেশত ধৰি আছে ৷ ইহেন মনুষ্য-তনু সেস্থৰে নপাইবা পুনু চাৰি বেদে কহে নিষ্ঠ কৰি। মাধৱৰ চৰণৰ কিঙ্কৰে শঙ্কৰে কহে সদা ডাকি বােলা হৰি হৰি । ২৬ বেতি সমাপ্ত ॥ ২১।