এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
বেদ-স্তুতি
পৰম আতুৰ হুয়া তোমাত শৰণ লৈলো
মায়াক নিবাৰা জগন্নাথ॥ ২২
সন্ন্য়াসীৰ বেশ ধৰি লোকক বঞ্চিলো ছলে
ভৈলো ভোগ-চিন্তায়ে ব্যাকুল।
ৰাত্ৰি-দিনে মোহ মোৰ মনৰ নুগুচে আতি
নানাবিধ উদ্যমে আকুল॥
অজ্ঞানী লোকৰ মান্য পায়া গৰ্ব্ব বাঢ়ি গৈল
লঙ্ঘিলোহো তোমাৰ আজ্ঞাক।
দীন অনাথক কৃপা কৰাহা পৰমানন্দ
প্ৰভু আৱে ৰাখিয়ো আমাক॥ ২৩
তোমাৰ পৰম জ্ঞান মাধৱ দিয়োক মোক
যিটো খণ্ড-সুখে-দুঃখে হীন। . .
নুহি নাৰায়ণ দিয়া শ্ৰৱণ-কীৰ্ত্তন ভক্তি
নোহো যেন বেদৰ অধীন॥
ব্ৰহ্মায়ো নপান্ত অন্ত তোমাক নজানে বেদে
আপুনিও নজানা সমূলি।
এতেকে কেৱলে আমি তোমাৰ চৰণে স্বামী।
ভজিলোহো জয় জয় বুলি॥ ২৪
পা ২৩ ॥ উদ্যমে—চিন্তায়ে।