পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ৩] বেদ-কাতি পৰম আতুৰ হুয়া তোমাত শৰণ লৈলো | মায়াক নিবাৰা জগন্নাথ। ২২ সম্যালী বেশ ধৰি লোকক বঞ্চিলো ছলে ভৈলো ভোগ-চিন্তায়ে ব্যাকুল। ৰাত্ৰি-দিনে মোহ মোৰ মনৰ নুগুচে আতি নানাবিধ উদ্যমে আকুল॥ অজ্ঞানী লোকৰ মান্য পায়া গৰ্ব বাঢ়ি গৈল | লঙ্ঘিলোহোতোমাৰ আজ্ঞাক। দীন অনাথক কৃপা। | কৰাহা পৰমানন্দ প্ৰভু আৰে ৰাখিয়ো আমাক। ২৩ তোমাৰ পৰম জ্ঞান মাধৱ দিয়োক মোক যিটো খণ্ড-সুখে-দুঃখে হীন। . . মুহি নাৰায়ণ দিয়া | শ্ৰৱণ-কীৰ্ত্তন ভক্তি | নোহহ যেন বেদৰ অধীন। ব্ৰহ্মায়ো নপান্ত অন্ত তোমাক জানে বেদে আপুনিও জানা সমূলি। এতেকে কেৱলে আমি তোমাৰ চৰণে স্বামী। ভজিলোহো জয় জয় বুলি॥ ২৪ পা ২৩ | উদ্যমে—চিন্তায়ে।