এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৮
[খণ্ড ২১
কীৰ্ত্তন-ঘোষা
এড়ায় সংসাৰ-ক্লেশ কুৎসিত বিষয়-সুখ
তাসম্বাৰ নাহি অভিলাষ।
একবাৰ মাত্ৰ তযু চৰণ চিন্তিলে যিটো
তাৰ সুখ নাহি গৃহবাস॥ ২০
অসন্ত জগত খান তোমাত উদ্ভৱ ভৈল
সন্ত হেন প্ৰকাশে সদায়।
কৰ্ম্ম-জড় মনুষ্যৰ মন মগ্ন ভৈল তাতে
বেদৰ নুবুঝে অভিপ্ৰায়॥
তোমাৰ অদ্বৈত ৰূপ পৰম আনন্দ-পদ
তাতে মোৰ মগ্ন হোক চিত্ত।
ভৈলোহো দাসৰো দাস জানি আৱে নৰহৰি
আমাক নেড়িবা কদাচিত॥ ২১
মুকুট কুণ্ডল যেন সুৱৰ্ণৰ ভিন্ন নুহি
মিছা মাত্ৰ নাম-ৰূপ যত।
অহঙ্কাৰ পঞ্চ ভূত তোমাত পৃথক নোহে
প্ৰভু পৰমাৰ্থ-বিচাৰত॥
তোমাৰ কটাক্ষ-দৃষ্টি পায়া নৃত্য কৰে মায়া
ভৰি তুলি মৰ্দ্দে মোৰ মাথ।